Bihu Festival Essay In Assamese Language - WishingPlanet.Com

Bihu Festival Essay In Assamese Language. Hello Readers In This Article Today I Will Give You Essay On Bihu In Assamese Language. I Hope It's Helpful For You.

Bihu Festival Essay In Assamese Language
Bihu Festival Essay In Assamese Language

Bihu Festival Essay In Assamese Language - WishingPlanet.Com


বিহু

সৃষ্টিৰ সফলতাত, কৃতকাৰ্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিত, সুশ্ৰৱ্য ভাষাৰে, সুকুমাৰ অংগী - ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্ৰবৃত্তি ।

বিহু নামৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতৰ বিভিন্ন মতামত আছে । বিষুৱ সংক্ৰান্তিত বিহু উদযাপন হয় বাবে বিষুৱ শব্দৰপৰাই বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কয় । বহু লোকৰ মতে বড়ো ভাষাৰ বৈখ‍্যু শব্দৰ পৰা বিহুৰ উৎপত্তি হোৱা বুলি কয় । কিন্তু বিহু নামৰ উৎপত্তি য'ৰেপৰাই নহওক বিহু আমাৰ জাতীয় উৎসৱ ।

জাতীয় জীৱনৰ সকলো উৎসাহ, আশা আকাংক্ষা, ৰং - আনন্দ , আবেগ - অনুভূতি বিহুৰ লগত ওতঃপ্ৰোতভাবে জড়িত । এক কথাত কবলৈ গলে বিহুৱেই অসমীয়া জাতিৰ প্ৰাণ । বিহুক আমি তিনিটা প্ৰকাৰত ভাগ কৰিব পাৰো । বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু । আমাৰ এই তিনিটা প্ৰকাৰৰ বিহুৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে ।

বহাগ বিহু : বহাগ বিহুক ৰঙালী বিহু বুলিও জনা যায় । বহাগ বিহু ৰঙৰ আনন্দৰ বিহু । সীমাহীন আনন্দৰ উলহ - মালহ, উখল - মাখলেৰে অসমীয়া জাতীয় জীৱন আনন্দ মুখৰ কৰি তোলে ৰঙালী ৱা বহাগ বিহুৱে । বৰগছৰ তলত, মুকলি পথাৰত ঢোল, পেঁপা, গগনাৰ হিয়া উত্তাল কৰা ঐকতানে হিয়াত জগাই তোলে বিপুল উল্লাহ ।

মাঘ বিহু : মাঘ বিহুৰ আন এটা নাম হৈছে ভোগালী বিহু । সেই সময়ছোৱাত পথাৰৰ সোন বৰণীয়া লখিমী আহি ঘৰ সোমাই অসমীয়াৰ ওঁঠত শান্তিৰ সাৰ্থকতাৰ হাঁহি বিৰিঙাই তোলে আঘোণ - পুহ মাহত । কৃষিকাৰ্যৰ কৃতকাৰ্যতাই অসমীয়াৰ মনলৈ পৰম নিৰ্ভৰতা আৰু গভীৰ প্ৰশান্তি আনি দিয়ে । প্ৰাকৃতিৰ মহান অবদানৰ স্বীকৃতি জনাই অন্তত জনলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়াই গুৰু - ভকতলৈ ন ধানৰ এমুঠি জা - জলপানৰ দিহা কৰি অসমীয়া জাতিয়ে পুহৰ সংক্ৰান্তীৰ দিনা ভোগালী বিহু উদযাপন কৰে ।

কাতি বিহু : প্ৰাকৃতিৰ অনবদ্য সম্ভাৰেৰে জকমকীয়া অসমীয়া বুকুৰ বিহুও প্ৰাকৃতিক পৰিৱেশৰ লগতেই ওতঃপ্ৰোতভাৱে জড়িত । শৰতৰ সুনিৰ্মল সেউজীয়া ৰূপেৰে বাসুন্ধৰক সেউজীয়া দলিচা সজাই থুপি থুপি ফুলৰ মালাৰে মনোৰমা কৰি তোলাৰ সময়তে আহিনৰ সংক্ৰান্তিত কাতি বিহু হয় । পৃথিৱীয়ে সেউজীয়া বুকু উপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেঙুলীয়া ৰঙীন বিৰিঙাই তোলে এই সময়ছোৱাত । অসমীয়া জাতিয়ে তুলসীৰ তলত বন্তিৰ জেউতিয়ে পথাৰৰ লাখিমীক ভৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে । আকাশ - বাতি জ্বলাই লাখিমীৰ আগমনৰ পূৰ্বভাস জগতক জানাই দিয়ে । এয়াই কাটি বিহুৰ বিশেষত্ব ।

Bihu Festival Essay In Assamese Language - WishingPlanet.Com


আশা থাকিল আপোনালোকৰ ৰচনাটো ভাল লাগিল এই ধৰণৰ অসমীয়া ৰচনা সদায় পঢ়িবলৈ আমাৰ ৱেবচাইটো নাপাহৰিব Wishingplanet.Com


Bihu Festival Essay In Assamese Language - WishingPlanet.Com Bihu Festival Essay In Assamese Language - WishingPlanet.Com Reviewed by KD on May 31, 2019 Rating: 5
Powered by Blogger.