Lakshminath Bezbaruah Essay In Assamese Language - Free Essay

Lakshminath Bezbaruah Essay In Assamese Language. Hello Readers In This Article Today I Will Give You Lakshminath Bezbaruah Essay In Assamese Language. I Hope It's Helpful For You.

Lakshminath Bezbaruah Essay In Assamese

Lakshminath Bezbaruah Essay In Assamese Language - Free Essay


লক্ষ্মীনাথ বেজবৰুৱা

নতুন পৃথিৱীৰ নতুন দিগন্তত, ন চকুযুৰিত দীপ্তি ঢালি লৈ, পুৰণি পৃথিৱীক ন-দৃষ্টিৰে চাই অসমীয়া ভাষা-সাহিত্যৰ পুৰণি ভৰালটোক নতুন সৃষ্টিৰে বিনান্দীয়াকৈ বেজবৰুৱাদেবে সজাই থৈ গ'ল । লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ইংৰাজী 1864 চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ শুভ লগ্নত । লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম দিননাথ বেজবৰুৱা ।

তেওঁ তেজপুৰ, লক্ষীমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ কলিকতাত প্ৰথমে ৰিপন কলেজত আৰু পাছত চিটি কলেজত পঢ়ি ফাষ্ট আৰ্ট আৰু বি. এ. পাছ কৰে । তাৰ পাছত এম. এ. আৰু আইন অধ্যয়ন কৰে যদিও ডিগ্ৰী নোহোৱাকৈ অধ্যয়ন সমাপ্ত কৰে । কলিকতাত থকা কালতে লক্ষ্মীনাথ বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞাসুন্দৰী দেৱীৰ লগত বিবাহ-পাশত আবদ্ধ হয় ।

Lakshminath Bezbaruah Essay In Assamese Language - Free Essay


ৰোমাণ্টিক কাব্যদৰ্শনৰ ত্ৰিমূৰ্তি লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ কলকাতাত মিলন হয় আৰু অসমীয়া সাহিত্য জগতত সুভাগ্যৰ সৃষ্টি । তেওঁলোকৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত হয় ''অসমীয়া ভাষাৰ উন্নতি সাধিনি সভা'' আৰু উদয় হয় মুখপত্ৰ "জোনাকী'' । জোনাকীয়ে অসমীয়ালৈ কঢ়িয়াই আনে নৱজাগৰণ । কাব্য , গল্প, উপন্যাস, প্ৰবন্ধ, কবিতাৰে ৰৌজাল-বৌজাল হৈ জোনাকীয়ে অসমৰ বুকুত শিহৰণ তুলিছিল । ইয়াৰ উপৰিও বেজবৰুৱাই বিভিন্ন কবিতা, উপন্যাস, সাধু, নাটক, চুটিগল্প, নানা প্ৰবন্ধ অসমীয়াক জাতিক প্ৰদান কৰিছে এই সকলোবোৰ আমি আলোচনা কৰিব নোৱাৰিম । কাৰণ তেতিয়া হলে এই ৰচনা খন বহুত ডাঙৰ হব ।

লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হৈছিল ইংৰাজী 1938 চনত । শ্ৰীমন্ত শংকৰদেৱৰ পাছত একমাত্ৰ বেজবৰুৱাইহে ভাষা সাহিত্যৰ সকলো অংগলৈ অনবদ্য অৱদান আগবঢ়াই কেৱল ভাষা জননীকে জীৱনৰ সকলো শক্তি, সকলো প্ৰজ্ঞা, মনীষাৰে সেৱা কৰি ষোড়শোপচাৰে মাতৃ পূজাৰ বেদী উপচাই থৈ গৈছে ।

----------****-----------
Lakshminath Bezbaruah Essay In Assamese Language - Free Essay Lakshminath Bezbaruah Essay In Assamese Language - Free Essay Reviewed by KD on June 01, 2019 Rating: 5
Powered by Blogger.