Television Essay In Assamese Language

Television Essay In Assamese. Hello Readers In This Article Today I Will Give You Television Essay In Assamese Language. I Hope It's Helpful For You.


Television Essay In Assamese Language


টেলিভিছন

টেলিভিছন বিজ্ঞানৰ এক অৱদান । বিভিন্ন চেষ্টা আৰু প্ৰচেষ্টাৰ ফলত টেলিভিছনৰ আমাৰ পৃথিৱীত আবিষ্কাৰ হল - যাৰ সহায়ত আজিৰ বিশ্বই বিভিন্ন বিষয়ৰ পৰিবেশনাৰ লগতে পৰিবেশনকাৰী সকলকো ঘৰৰ চাৰিবেৰৰ মাজতে দেখাৰ পৰম সৌভাগ্য লাভ কৰিলে । এই টেলিভিছন বিশ্বৰ এক অদ্ভুতপূৰ্ব আৰু বিস্ময়কৰ আবিষ্কাৰ। ইংৰাজী 1926 চনত ইংলেণ্ডৰ জন এল. বেয়াৰ্ডে টেলিভিছনৰ আবিষ্কাৰ কৰি বিশ্বক চমৎকৃত কৰি তোলে । সেয়ে আজি গোটেই পৃথিৱীবাসী বেয়াৰ্ডৰ ওচৰত চিৰকৃতজ্ঞ ।

টেলিভিছন অনাতাঁৰ আৰু চলচ্চিত্ৰ মধুৰ সমন্বয় । অতিশয় উচ্চ শক্তিসম্পন্ন ট্ৰেন্সমিটাৰৰ সহায়ত পৃথিৱীৰ কোনো শব্দ মহাশূন্যৰ বুকুৰ ইথাৰ - সমুদ্ৰলৈ প্ৰেৰণ কৰা হয় । লগে লগেই সেই একেই উচ্চ শক্তিসম্পন্ন কেমেৰাৰ সহায়ত অতি দ্ৰুতগতিত গৃহীত অস্যখ্য আলোকচিত্ৰও ইথাৰ সমূদ্ৰলৈ প্ৰেৰণ কৰা হয় । আলোকচিত্ৰবোৰ বিশেষ এক দাপোনত প্ৰতিফলিত হয় তদুপৰি তাৰ লগতে গ্ৰহণ কৰা শব্দ সম্ভাৰো সম্প্ৰসাৰণ হয় । তাৰ ফলত দূৰ দূৰণিৰ গৃহীত আৰু প্ৰেৰিত চিত্ৰ আৰু শব্দসম্ভাৰ মুহূৰ্ততে গ্ৰাহক যন্ত্ৰত দৃশ্যমান হয় আৰু সৰৱ হৈ উঠে । এয়ে হৈছে টেলিভিছনৰ কৌশল ।

Television Essay In Assamese Language


ইংৰাজী 1959 চনৰ 15 ছেপ্টেম্বৰত ভাৰতলৈ টেলিভিছনৰ যুগ আহে । সেইদিনা নতুন দিল্লীত টেলিভিছন কেন্দ্ৰ মুকলি কৰা হয় । আকাশবাণীৰ টেলিভিছন সেৱা বিভাগে ইয়াক পৰিচালনা কৰে । নতুন দিল্লীত প্ৰায় আঢ়ৈশটা টেলি-ক্লাব স্থাপিত হয় ।

আমাৰ এই পৃথিৱীত টেলিভিছনৰ আবিষ্কাৰে মানুহৰ স্বপ্নাৰাজ্যক বাস্তৱত ৰূপায়িত কৰি বিশ্বৰ দূৰ দুৰান্তৰৰ নিবিড় প্ৰান্তসমূহৰ লগতো সংযোগ ঘটাই বিশাল পৃথিৱীখন নিচেই সংকুচিত কৰি পেলাইছে । আজিৰ বিশ্বই আঙুলি বুলাই পৃথিৱীখন চকুৰ আগত দাঙি ধৰিছে । টেলিভিছনে মানুহৰ মনোৰঞ্জনৰ আৰু জ্ঞান আহৰণ ব্যৱস্থা কৰিছে । আমাৰ মাজত আদি কালৰ পৰা থকা বহুতো কুসংস্কাৰ টেলিভিছনৰ যুগেৰে দিনক দিনে দূৰ হৈ আছে ।
Television Essay In Assamese Language Television Essay In Assamese Language Reviewed by KD on June 09, 2019 Rating: 5
Powered by Blogger.